বৃহত্তৰ গুৱাহাটী বিদ্যুৎ পৰিষদ

ৰঙালী বিহু সম্মিলন, ২০২৬

স্থান: নাৰেঙ্গী আৱাসিক ক্ষেত্রস্থিত বিদ্যুৎ পৰিষদ খেলপথাৰ, নাৰেঙ্গী, গুৱাহাটী-৭৮১০২৬

আচুৰ্য বৰপাত্ৰৰ সংগীতানুষ্ঠান (০৯/০৫/২০২৬)

Notice

  1. Join us for an exciting quiz competition as 'Brihattar Guwahati Bidyut Parishad Rongali Bihu Sanmilani' celebrates 50 years of heritage!

    Join Now
  2. কবিতা আবৃত্তি প্রতিযোগিতা

    Download Now

সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণিৰ কিছু দৃশ্য

৪৯ তম্ বিহু সন্মিলনৰ কিছু দৃশ্যাংশ

📢জাননী📢

বৃহত্তৰ গুৱাহাটী বিদ্যুৎ পৰিষদ ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত অহা ইংৰাজী ৭ মে’ৰ পৰা ৯ মে’,২০২৬-লৈ অনুষ্ঠিত হ’বলগীয়া সোণালী জয়ন্তী বৰ্ষ ৰঙালী বিহু সন্মিলনৰ লগত সংগতি ৰাখি স্মৃতিগ্রন্থ ‘পেঁপা’ৰ ৫০ সংখ্যক সংস্কৰণ প্ৰকাশনৰ লগতে এখনি ই-পত্ৰিকা প্ৰকাশ কৰাৰ যো-জা কৰা হৈছে ৷ স্মৃতিগ্ৰন্থ আৰু ই-পত্ৰিকাৰ বাবে অসমীয়াত লিখা স্বৰচিত প্রবন্ধ, গল্প, কবিতা, সৃষ্টিশীল লেখা আদিৰ আহ্বান কৰা হৈছে।

স্পষ্ট হাতৰ আখৰেৰে লিখা/ডিটিপি কৰা অথবা মোবাইলত অসমীয়া বৰ্ণ ব্যৱহাৰ কৰি টাইপ কৰা লেখাসমূহ ইংৰাজী ১৫ এপ্ৰিল, ২০২৬ তাৰিখৰ ভিতৰত প্ৰেৰণ কৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ ৷

লেখাসমূহ নিম্ন স্বাক্ষৰকাৰীসকলৰ হাতত জমা কৰিব পাৰিব ৷ তদুপৰি নিম্নোল্লিখিত হোৱাটছএপ নম্বৰ/ ই-মেইল যোগেও প্ৰেৰণ কৰিব পাৰিব ৷

💬 WhatsApp: 8723049299, 7002946011, 9854553344. ✉️ Email: souvenir.pepa@gmail.com

বিঃ দ্ৰঃ লেখাসমূহ স্মৃতিগ্ৰন্থ “পেঁপা” অথবা ই-পত্ৰিকাত প্ৰকাশ কৰা হ’ব ৷ প্ৰকাশৰ ক্ষেত্ৰত সম্পাদনা সমিতিৰ সিদ্ধান্তই চূড়ান্ত হিচাপে বিবেচনা কৰা হ’ব ৷

সম্পাদক, ‘পেঁপা’ ২০২৬

বৃঃ গুঃ বিঃ পঃ ৰঃ বিঃ উঃ সঃ

৪৮ সংখ্যক বিহু সন্মিলন

Latest News

50 YEARS
Golden Jubilee (1977-2026)

Our Journey

It all began in **1977**, when a few hearts full of love for Bihu came together at the **Narengi Electricity Board Colony**, dreaming of songs, dances, and unity. With no grand plans—just simple smiles and a shared vision—the employees of the **Greater Guwahati Electricity Board** lit the initial spark of celebration.

Year after year, that spark grew brighter, welcoming laughter, tradition, and togetherness into the heart of our community. What started as a modest gathering under open skies has now flourished into a prestigious home for culture at the **Narengi Electricity Board Colony Playground**. Here, every beat of the *dhol* and every rhythmic step of the dance tells the story of our evolution.

50 1977-2026
Invitation

Golden Jubilee Celebration

শ্রদ্ধাভাজন,
বৃহত্তৰ গুৱাহাটী বিদ্যুৎ পৰিষদ বঙালী অসমীয়া নতুন বহুৰ তথা ৰঙালী বিহুৰ আন্তৰিক ওলগ-শুভেচ্ছা গ্রহণ কৰিব। প্ৰকৃতিৰ বুকুত সেউজীয়াৰ প্ৰতিশ্রুতি সানি, লঠঙা গহু-বিৰিখত কুঁহিপাতৰ চুমা যাঁচি, নাহৰ-তগৰৰ সুগন্ধ সিঁচি, কুলি-কেতেকীৰ মিঠা মাতৰ আৱেশ ঢালি ব'হাগ আকৌ আহি পালেহি। এয়া যেন অসমী আইৰ বুকুত উহুৱৰ মধু আলোড়ন তোলাৰ ক্ষণ। ব'হাগেই অসমীয়া জাতিক শদিয়াৰ পৰা ধুবুৰীলৈ একতাৰ আঁচুসূতাৰে মেৰিয়াই মেৰিয়াই বান্ধে। ঢোল-পেঁপাৰ মাতে উতনুৱা কৰা ব'হাগেই আকৌ ভূপেনদাই কোৱাৰ দৰেই মলিয়ন বস্ত্ৰ সলাই জাতিটোৰ স্নান কৰাৰো সময়। নিজক ফঁহিয়াই চোৱা, জাতিটোৰ উন্নতিৰ বাবে এবেলি চিন্তন কৰাই হযতো সেই স্নান। ব’হাগৰ এনুৱা প্ৰতিশ্ৰুতি আৰু উন্মাদনাৰ বতৰত আমিনো কেনেকৈ পিছ পৰি থাকিব পাৰোঁ? বিগত ৪৯টা ব'হাগৰ দৰেই এইবেলিও বৃহত্তৰ গুৱাহাটী বিদ্যুৎ পৰিষদ ৰঙালী বিহু উদ্যাপন সমিতিযে বর্ণাঢ্য কার্যসূচীৰে সোণালী জয়ন্তী বর্ষ ৰঙালী বিহু সন্মিলনখনি ব’হাগৰ ২৩, ২৪ আৰু ২৫ তাৰিখ (ইং ৭, ৮ আৰু ৯ মে’, ২০২৬), বৃহস্পতিবাৰ, শুক্ৰবাৰ আৰু শনিবাৰে নাৰেঙ্গীস্থিত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত কৰাৰ যো-জা চলাইছোঁ। উৎসৱৰ সমূহ কাৰ্যসূচীতে আপোনাৰ আপোনালোকৰ উপস্থিতি, দিহা-পৰামশ' আমি আন্তৰিকতাৰে কামনা কৰিলোঁ। আপোনাৰ উপস্থিতি তথা সহযোগিতাই আমাৰ বিহুতলী ৰঙাই তুলিব বুলি আশারে বাউ চাল


DATES 7th — 9th May, 2026
স্থানঃ নাৰেঙ্গী আৱাসিক ক্ষেত্ৰস্থিত বিদ্যুৎ পৰিষদৰ খেলপথাৰ, ফৰেষ্টগেট, নাৰেঙ্গী, গুৱাহাটী-২৬

"Your presence will add grace and glory to our historic milestone."

Organized by

Greater Guwahati Electricity Board